অসমৰ ৯ টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ

 03/26/2019 - 14:13

বৰপেটাঃ কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া(এ)য়ে সমাগত লোকসভা নিৰ্বাচনত অসমৰ ৯ টা সমষ্টিত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব৷ সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে দলটোৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি ডা: আনোৱাৰ ইছলাম আকন্দে।

সংবাদ মাধ্যমৰ আগত নেতাজনে জনায় যে, প্ৰাৰ্থিত্ব প্ৰদান কৰা ৯ সমষ্টিৰ ৫ টা সমষ্টিত জয়ী হোৱাৰ বাবে দলটোৱে চেষ্টা চলাব বুলি কয়৷ ডা: ইছলামে জনায় যে, দলটোৰ কেন্দ্ৰীয় নেতা তথা মন্ত্ৰী ৰামদাস আথেৱালেৰ প্ৰচেষ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাঘবৰ সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম হৈছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দলটোৰ স্থিতি কি হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেতাজনে জনায় নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ পক্ষত ৰিপাব্লিকান পাৰ্টি পূৰ্বেও আছিল আৰু ভবিষ্যতেও থাকিব৷ সংবাদ মাধ্যমৰ আগত নেতাজনে জনোৱা মত অনুসৰি দলটোৱে বৰপেটা লোকসভা সমষ্টিৰ বাবে ৰেজাউল কৰিমক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

একেদৰে নগাঁৱত বিজু ৰয়, মঙ্গলদৈত ৰাতুল আহমেদ, লখিমপুৰত কুলেশ্বৰ লাগস, শিলচৰত শান্তি কুমাৰ সিংঘা, ধুবুৰীত কাশেম আলী আকন্দ, গুৱাহাটীত ছাদেক আলী, তেজপুৰত নুৰুল ইছলাম আৰু কলিয়াবৰত বদৰুল ইছলাম আকন্দক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি তেওঁ জনায়৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথোৱালে প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে অহা ১৭ এপ্ৰিল‌ত নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰিব বুলিও ডাঃ ইছলামে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।