গোৱালপাৰাত পশু খাদ্যৰ নামত ধানৰ তুঁহঃ ৰাইজৰ প্ৰতিবাদ

 07/22/2019 - 20:45

লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি পশু খাদ্যৰ নামত ধানৰ তুহ বিতৰণক লৈ এক হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। জানিব পৰা মতে আজি লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলৰ পশুধনৰ খাদ্যৰ বাবে চৰকাৰে ১৮৬ বস্তা চাপৰ আবন্টন দিয়ে। লক্ষীপুৰ মহুকুমা পশু চিকিৎসা বিষয়া ডাক্তৰ ৰাইহান আলমে পঞ্চায়তৰ জন প্ৰতিনিধিসকলক আজি পশু খাদ্য বিতৰণ কৰা হ’ব বুলি মাতি আনে।

জনপ্ৰতিনিধিসকলে পশু চিকিৎসালয়ত উপস্থিত হৈ চাপৰ প্ৰত্যক্ষ কৰি চাপৰসমূহ গ্ৰহণ নকৰে বুলি কয়। তেওঁলোক অভিযোগ কৰা মতে পশু খাদ্যৰ নামত ধানৰ তুঁহ দিয়া হৈছে। এই খাদ্য খুৱালে পশু ধনৰ বেমাৰহে হ’ব বুলি কয়। এই লৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। জনপ্ৰতিনিধিসকলে লগে লগে জিলা উপাযুক্তক অৱগত কৰে।

পিছত ৰাজহ চক্ৰ বিষয়া ডঃ জীৱন কৃষ্ণ গোস্বামী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পশু খাদ্যসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে পশু খাদ্যসমূহ যে নিম্নমানৰ সেইয়া বিষয়াসকলেও স্বীকাৰ কৰে। উপস্থিত ব্যক্তিসকলে পশু খাদ্যৰ নামত ধানৰ তুঁহ বিতৰণ কৰা বিষয়টো তদন্ত কৰি দোষীক শাস্তি বিহাৰ বাবে উপাযুক্তৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।