বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আকস্মিক পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

 07/22/2019 - 20:50

বৰপেটাঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি আকস্মিক পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চিকিৎসক, কৰ্মচাৰীৰ উপস্থিতি জনাৰ লগতে ৰোগীসকলক প্ৰদান কৰিব লগা সা-সুবিধাবোৰ জনাৰ উদ্দেশ্যে মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দিনৰ ১২.৩০ বজাত চিকিৎসা মহাবিদ্যালখনত উপস্থিত হয়৷

মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালখনৰ অধীক্ষক ডাঃ ববিজিৎ গোস্বামীৰ সৈতেও আলোচনাত মিলিত হয়৷ উল্লেখ্য যে ৰাজ্যত হোৱা বানপানী আৰু জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ ছুটী বাতিল কৰাৰ লগতে বন্ধৰ দিনতো চিকিৎসালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিছিল৷ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত জনাৰ বাবে আজি মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত আকস্মিক পৰিদৰ্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।