বৰপেটাৰ চাউলখোৱা নৈত মৃতদেহ উদ্ধাৰ

 07/22/2019 - 20:56

বৰপেটাঃ বৰপেটাৰ চাউলখোৱা নৈত আজি এটি মৃতদেহ উদ্ধাৰ হয়৷ আৱৰ্ত ভৱনৰ ওচৰত নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ মৃত ব্যক্তিজন বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ (৬২) বুলি জানব পৰা গৈছে৷ বৰ্তমান গান্ধী নগৰৰ জোৱায়েকৰ ঘৰত বাস কৰিছিল লোকজনে৷ বৰপেটা বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক আছিল লোকজন৷

দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ বুলি ওলাই গৈছিল লোকজন৷ গান্ধীনগৰৰ পথটো বানত ডুবি থকা বাবে চাউলখোৱাৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধান নাছিল লোকজনৰ৷ আজি একাংশ লোকে চাউলখোৱা নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰৰ পিছতে মৃতদেহটো হৰেন বৰ্মন নামৰ লোকজনৰ বুলি চিনাক্ত কৰে স্থানীয় লোকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।