ৰঙাপৰাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সম্পৰ্কত সজাগতা শিবিৰ

 07/22/2019 - 21:05

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত দেওবাৰে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সেনা বাহিনীৰ অন্যতম "B"coy 20 assam rifes আৰু অসম এভানগেলিকেল লুথাৰেন চাৰ্চৰ সহযোগত আৰু বিশ্বনাথ জিলাৰ অন্যতম বেচৰকাৰী সংগঠন গ্ৰামীণ মঞ্চ দুপতীৰ উদ্যোগত অনুষ্ঠিত সভাত সেনা বাহিনীৰ" B" coy assam rifes ৰ চিকিৎসক কেপ্তেইন ডঃ বি প্ৰেম ৰাজকুমাৰ আৰু তেজপুৰ বেপ্টিষ্ট খ্ৰীষ্টান চিকিৎসালয়ৰ চিকিৎসক ডঃ মনপ্ৰিত হৰ সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে।

বেচৰকাৰী সংগঠনটোৰ শোণিতপুৰ জিলাৰ সমন্বয়ক জেবিস্কেল মিৰ্ধাই আঁত ধৰা এই অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থকে। সজাগতা শিবিৰত সমল ব্যক্তিৰূপে উপস্থিত থকা চিকিৎসক দুগৰাকীয়ে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ, সাৱধানতা তথা প্ৰতিকাৰ সম্পৰ্কে বিশদভাবে ব্যাখ্যা দাঙি ধৰে। ইতিমধ্যে অঞ্চলটোত এই ৰোগে দেখা দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।