দক্ষিণ কাহিকুছি গাঁৱৰ মানুহে আজিও পানী খায় গাঁতৰ পৰা

 07/22/2019 - 21:11

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ নিলগত থকা দক্ষিণ কাহিকুছি গাঁৱৰ মানুহে আজিৰ দিনতো এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়৷ আজিৰ পৰা ৮/১০ বছৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ পাইপ পুতি ২০১৬ চনতে প্ৰতি ঘৰ মানুহক ঘৰতে পাইপেৰে পানীযোগান দিয়াৰ বাবে প্ৰতি ঘৰৰ পৰা ৪৫০ টকাকৈ সংগ্ৰহ কৰিছিলে যদিও আজিলৈকে মানুহে আদিম যুগৰ দৰে গাঁত খান্দি গাঁতৰ পৰা পানী সংগ্ৰহ কৰিব লগীয়া হৈছে৷

উল্লেখযোগ্য যে দক্ষিণ কাহিকুছিৰ এই অংশখিনি কামৰূপ আৰু মৰিগাঁও জিলাৰ সীমাত অৱস্থিত বাবে কোনো জিলা প্ৰশাসনে এই অঞ্চলৰ গুৰুত্ব নিদিয়াত বাট-পথ, খোৱা পানী আদি সকলোতে এই অঞ্চলৰ মানুহে যমৰ যাতনা ভুগিবলগীয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।