গৰাখহনীয়াই ঘৰ-বাৰী উচন কৰাৰ পিছতো গুৰুত্ব নাই জলসম্পদ বিভাগৰ

 07/22/2019 - 21:18

ওৰাংঃ গৰাখহনীয়াই ঘৰ সম্পত্তি গ্ৰাস কৰাৰ পিছতো কানসাৰ নাই জলসম্পদ বিভাগ তথা জিলাপ্ৰশানৰ। ওদালগুৰি জিলাৰ ওৰাঙৰ চুতীয়া পাৰাত পাচনৈ নদীয়ে চুতীয়া পাৰা গাঁওখনৰ দুটি পৰিয়ালৰ ঘৰ ভেটি সম্পূৰ্ণ খহাই নিয়াৰ লগতে দ্ৰুতগতিত হোৱা গৰাখহনীয়াই গাঁওখনৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই অনাৰ পিছতো বিভাগীয় বিষয়াই কোনো গুৰুত্ব নিদিয়াত জাঙুৰ খাই উঠিছে গাঁওখনৰ ৰাইজ।

সোমবাৰে চুতীয়া পাৰা গাঁৱৰ প্ৰতিনিধি দলে ঘেৰাও কৰে ওদালগুৰি জলসম্পদ বিভাগৰ কাৰ্যালয়। বিভাগীয় দায়িত্বশীল বিষয়াই গৰাখহনীয়া অব্যাহত থকাৰ পিছতো কানসাৰ নিদিয়া বুলি ৰাইজে অভিযোগ তোলে। ৰাইজে শাখা বিষয়াগৰাকীৰ ভূমিকাকো সমালোচনা কৰে। পুনৰ ক্ষতি হোৱাৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নল’লে বন্যাৰ্তই যি কোনো কাৰ্যপন্থা ল’ব বুলি সকীয়াই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।