বহিঃৰাজ্যত চিকিৎসা কৰিবলৈ নিয়া বৰপেটাৰ ব্যক্তি নিৰুদ্দেশ

 07/22/2019 - 21:23

বৰপেটাঃ বৰপেটা চহৰৰ নাতিদুৰৈৰ মাজৰ গাঁৱৰ আক্কাচ আলীৰ ভাতৃ আছান উদ্দিন বিগত কেইবা বছৰ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল। আছান উদ্দিনৰ এই মানসিক ৰোগৰ চিকিৎসা হেতু পৰিয়ালৰ লোকে আছান উদ্দিনক যোৱা ১৭ জুলাইত পশ্চিমবঙ্গৰ বৰ্ধমান জিলালৈ লৈ যায়। কিন্তু অতি আশ্চৰ্যকৰ ভাবে আছান উদ্দিন পৰিয়ালৰ মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰে।

এজন মানসিক ৰোগী হোৱাৰ পৰিপেক্ষিতত আছান উদ্দিন নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকসকলে আছান উদ্দিনৰ নিৰুদ্দেশ সম্পৰ্কে বৰপেটা সদৰ থানাত এক গোচৰ ৰুজু কৰে। নিৰুদ্দেশ হোৱা আছান উদ্দিনৰ বয়স ৬৪ বছৰ৷ শৰীৰৰ বৰণ শ্যাম বৰণীয়া ওখ চাৰে পাঁচ ফুট আৰু পিন্ধনত আছিলে লংপেণ্ট চোলা।

পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে চিকিৎসা কৰিবলৈ নিয়া নিৰুদ্দিষ্ট আছান উদ্দিনৰ স্ত্ৰী ফজিলা বেগম, খুৰাৰ ল’ৰা আবুল কালাম, আবুল কালামৰ স্ত্ৰী খুদেজা বেগম, ফাজিল উদ্দিন, ফাজিল উদ্দিনৰ স্ত্ৰী ছবিৰুন নেচাকে আদি কৰি প্ৰায় ১৮ জন লোকে মানৱ সৰবৰাহকাৰীৰ কৱলত প্ৰেৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছে। সেয়েহে নিৰুদ্দিষ্ট আছান উদ্দিনক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰে সহায় সহযোগিতা কামনা কৰিছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।