ৰহাৰ বান বিধ্বস্ত এলেকাত চিকিৎসা শিবিৰ

 07/22/2019 - 21:26

ৰহাঃ বানবিধ্বস্ত ৰহাৰ শালমাৰা মাদ্ৰাছাত আজি এক চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ জমিয়ত উলামা ই হিন্দৰ সভাপতি হজৰত মৌলানা চৈয়দ আৰ্শ্বাদ মদানীৰ নিৰ্দেশনাত আৰু ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহেবৰ ব্যৱস্থাপনাত তথা নগাঁও জিলা জমিয়ত উলামাাৰ উদ্যোগত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰটো৷

পুৱা প্ৰায় ১০বজাত আৰম্ভ হোৱা চিকিৎসা শিবিৰত প্ৰায় ৫ শতাধিক বানাক্ৰান্ত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়৷ চিকিৎসা প্ৰদান কৰা লোকৰ মাজত বেছিভাগেই শিশু আৰু মহিলা৷ ৭জন চিকিৎসকসহ প্ৰায় ২০জনীয়া চিকিৎসকৰ এটা দলে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা শিবিৰটোত বিধায়ক নুৰুল হুদা, ৰহাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা মইনুল হকসহ এটি প্ৰতিনিধিৰ দল উপস্থিত থাকি সকলো দিশ তদাৰক কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।