বিদ্যুৎ বিভাগৰ গাফিলতিঃ কলগাছিয়াত বিদ্যুৎপৃষ্ঠ হৈ নিহত ১, আহত ৫

 07/22/2019 - 21:32

কলগাছিয়াঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ কাউৰঝাহীত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ঠ হৈ আছৰ উদ্দীন নামৰ এজনৰ মৃত্যু হয়। আজগৰ আলী আৰু জয়নব খাতুন আন দুজন গুৰুতভাৱে আহত হোৱাৰ লগতে ছাইফুল ইছলাম নামৰ এজন শিশু আৰু কদম আলী নামৰ লোক বিদ্যুৎপৃষ্ঠ হোৱাৰ পিছতো সুস্থ আছে।

জানিব পৰা মতে আছৰ উদ্দিন নামৰ লোকজনে বানপানীৰ বাবে চাইকেল কান্ধত লৈ ঘৰলৈ গৈ থকা অৱস্থাত বিদ্যুৎ পৰিবাহী খুঁটাৰ ছাৰ্ভিছ কেবলৰ লগত থকা জি আই তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হয়। বিদ্যুৎ পৰিবাহী খুঁটা ভাঙি যোৱাত খুঁটাটোৰ ওপৰত লগোৱা হৈছিল এখন লোৰ এংগেল। যাৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা লোৰ এংগেলত বিদ্যুৎ পৰিবাহী হৈ এই ঘটনা সংঘটিত হয়।

বিদ্যুৎপৃষ্ঠ আছৰ উদ্দিনে চিঞৰ বাখৰ কৰাত প্ৰথমে কদম আলী নামৰ এজন লোক ৰক্ষা কৰিবলৈ আহে যদিও বিদ্যুৎপৃষ্ঠ হৈ পৰি যোৱাৰ পিছত আছৰ উদ্দীনৰ পত্নী জয়নব খাতুনো ৰক্ষা কৰিবলৈ আহি বিদ্যুৎপৃষ্ঠ হোৱাৰ উপৰি আজগৰ আলীও ৰক্ষা কৰিবলৈ আহি বিদ্যুৎপৃষ্ঠ হোৱাত তেওঁৰ পুত্ৰ ছাইফুল ইছলামো পিতৃৰ পিছে পিছে আহি বিদ্যুৎপৃষ্ঠ হৈ আহত হয়।

পিছত উপস্থিত ৰাইজে বাঁহেৰে তাঁৰ গুচাই দি আহতসকলক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও আছৰ উদ্দীনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে আজগৰ আলী আৰু জয়নব খাতুনৰ অৱস্থা সংকটজক বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।