২৮ মাৰ্চত কংগ্ৰেছলৈ শত্ৰুঘ্ন সিনহা

 03/26/2019 - 18:34

ডিজিটেল ডেস্ক: অহা ২৮মাৰ্চত কংগ্ৰেছত যোগদান কৰিব অভিনেতা শত্ৰুঘ্ন সিনহাই। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সময়ে সময়ে বিৰুপ মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰা বিজেপিৰ নেতাগৰাকী এতিয়া হ'ব কংগ্ৰেছৰ সমৰ্থক।

বিজেপিৰদ্বাৰা চৰম উপেক্ষিত নেতাগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচনত পাটনা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ লগতে টুইটাৰযোগে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক প্ৰশংসা কৰি 'মাষ্টাৰ অব ছিটোৱেশ্বন' বুলিও অভিহিত কৰে অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, বিজেপিয়ে সিনহাৰ ঠাইত কেন্দ্ৰীয় মন্ত্রী ৰবিশংকৰ প্ৰসাদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।