জলসম্পদ মন্ত্ৰীৰ নিজ গৃহ সমষ্টিতেই শ শ বাসগৃহ ক্ৰমাৎ নিচিহ্ন ব্ৰহ্মপুত্ৰৰ বুকুত

 07/22/2019 - 21:37

কলিয়াবৰঃ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিজ গৃহসমষ্টিৰ বৰঘূলীৰ দুই নং গাঁৱৰ শ-শ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত ক্ৰমাৎ নিচিহ্ন হৈ আহিছে। "ফাল কাটোতেই মাহৰ বতৰ যোৱা" জল সম্পদ বিভাগৰ জিঅ' বেগ আৰু পাৰ্কুপাইন সংস্থাপন কৰিবলৈ বৰ্তমান সময়ত লৰা-ঢপৰা অব্যাহত। কলিয়াবৰৰ বৰঘূলীৰ কৃষি বান্ধটো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপত জাহ যোৱাৰ উপক্ৰম হৈছে৷ বান্ধটোৰ মাত্ৰ ১০ মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰৰ খহনীয়া বৰ্তমান অব‍্যাহত আছে। ফলত স্থানীয় গাঁওবাসীয়ে ভাঙিছে নিজেই সজা ঘৰখন, নিৰাপদ স্থানলৈ কঢ়িয়াইছে এপদ-এপদকৈ ঘৰুৱা সামগ্ৰীকে ধৰি বয়-বস্তু।

এচাম দায়িত্বহীন বিষয়া-কৰ্মাচাৰীৰ বাবে বিপদত পৰিছে সমগ্ৰ বৰঘূলীবাসী। বিগত দুদিন ধৰি ব্ৰহ্মপুত্ৰৰ কালৰূপী খহনীয়া অব্যাহত আছে বৃহত্তৰ বৰঘূলী অঞ্চলত। মথাউৰি আৰু বান্ধ বিভাগৰ চৰম দায়িত্বহীনতাৰ ফলতে এনে ৰূপ পাইছে বুলি জানিব পৰা গৈছে। মৰিবৰ সময়ত মকৰধ্বজ, জিঅ' বেগেৰে খহনীয়া ৰোধৰ বৃথা প্ৰচেষ্টা চলাই ৰাইজক আভুৱা ভাৰিছে একাংশ ঠিকাদাৰে। আনহাতে খহনীয়াৰ স্থানৰ পৰাই শ্ৰমিকে মাটি কাটি জিঅ' বেগত ভৰাই খহনীয়া ৰোধৰ চেষ্টা বান্ধ আৰু মথাউৰি বিভাগৰ। কেইবামাহ ধৰি ঠিকাদাৰৰ গুদামত পৰি থকা জিঅ' বেগত বৰ্তমান মাটি ভৰাই জল সম্পদ বিভাগৰ খহনীয়া ৰোধৰ বৃথা চেষ্টাই সচেতন ৰাইজৰ চকু কপালত তুলিছে।

সমান্তৰালভাবে পাৰ্কুইপাইন স্থাপন কৰিবলৈ দিহা কৰিছে জল সম্পদ বিভাগে। অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ ২ নং বৰঘূলী গাঁৱৰ ভয়ানক গৰাখহনীয়া ৰোধৰ বাবে বিভাগীয় হেমাহিক নাকী লগাব নোৱাৰাতো চৰম পৰিতাপৰ কথা বুলিও স্থানীয় ৰাইজ আৰু সচেতন মহলে মত পোষণ কৰিছে। ইয়াৰোপৰি জিঅ' বেগত বৰ্তমান মাটি ভৰাই কিছু অংশত দি বাকী অংশত নিদিয়াকলৈও স্থানীয় ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।