সৰুপেটাৰ দল-সংগঠনৰ উদ্যোগত বান সাহায্য প্ৰদান

 07/22/2019 - 21:41

ভৱানীপুৰঃ ৰাজ্যত এসপ্তাহতকৈও অধিক দিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত উজনি-নামনি অসমকে ধৰি বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে। এতিয়াও বহু অঞ্চলৰ বানাক্ৰান্ত ৰাইজে বান সাহায্যৰ খুব প্ৰয়োজনবোধ স্বীকাৰ কৰিছে। দেওবাৰে সৰুপেটা অঞ্চলৰ স্থানীয় বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দই লগ হৈ বান সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে ভৱানীপুৰ-সৰুপেটা অঞ্চলৰ বহুকেইখন গাঁৱলৈ আগবাঢ়ে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৰুপেটা অঞ্চলিক সমিতি, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সৰুপেটা আঞ্চলিক, ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাৱ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৰুপেটা আঞ্চলিক সমিতি, অসম যুৱ-পৰিষদৰ ভৱানীপুৰ সমষ্টিৰ সদস্যসকলে সু-হৃদয় ৰাইজৰ সহায়-সহযোগত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত মাধৱপুৰ, নকুছি, দাইড়াবাৰী, বৰভীঠা গাঁৱৰ বানপীড়িত পৰিয়ালক চিৰা, নেপকিন, বিস্কুট, পানীৰ বটল, ন-পুৰণি সাজপাৰকে ধৰি বহু কেইপদ সা-সামগ্ৰী বিতৰণ কৰে। সৰুপেটা অঞ্চলৰ এইসকল দল-সংগঠনৰ নেতৃবৃন্দৰ প্ৰশংসনীয় পদক্ষেপৰ কাৰণে উক্ত গাঁওসমূহৰ বন্যাৰ্ত পৰিয়ালবোৰে সন্তোষ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।