জামুগুৰিহাটত বানত মৃত্যু হোৱা যুৱকৰ পৰিয়ালক বিধায়ক পদ্ম হাজৰিকাৰ চেক প্ৰদান

 07/22/2019 - 21:44

জামুগুৰিহাটঃ খেতি পথাৰত কঠিয়া তুলি ঘৰলৈ বুলি উভতি আহোতেই যোৱা ১৭ জুলাইত মোহমৰা জানৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ পাছত স্থানীয় ৰাইজে উদ্ধাৰ কৰি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা আৰু পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালি লোৱা জামুগুৰিহাটৰ হোকাই হাবিপালৰ বুল গোৱালা (৩০) ৰ ঘৰত আজি উপস্থিত হৈ স্থানীয় বিধায়ক পদ্ম হাজৰিকাই পৰিয়ালটিৰ খা-খবৰ লোৱাৰ লগতে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা চাৰি লাখ টকাৰ চেক মৃত বুল গোৱালাৰ পত্নী শীলা গোৱালাৰ হাতত প্ৰদান কৰে।

ৰাজ্যত সংহাৰী বানে নিঠৰুৱা কৰা পৰিয়াল আৰু মৃত্যু হোৱা ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা সাহায্যৰ চেক জামুগুৰিহাটৰ মৃত বুল গোৱালাৰ পৰিয়াললৈও প্ৰদান কৰা হয়। বানপানীত মৃত্যু হোৱা বুল গোৱালাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰা অনুষ্ঠানত নদুৱাৰ ৰাজহ চক্ৰৰ সহকাৰী ৰাজহ চক্ৰ বিষয়া মণ্টুছ চক্ৰৱৰ্তী, কানানগো ৰঞ্জিৎ দাস, পূৱ বৰভগীয়া গাঁও পঞ্চায়তৰ লাট মণ্ডল প্ৰাণকৃষ্ণ গোস্বামী আৰু গাঁওবুঢ়া তাৰানিধি আচাৰ্য্যও উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।