বান সাহায্য বিতৰণত অনিয়ম হোৱাৰ অভিযোগ নুৰ মহম্মদ সেখৰ পৰিয়ালৰ

 07/22/2019 - 21:54

জৰুৱা-বন্দিহানাঃ ধুবুৰী জিলাৰ দক্ষিন শালমাৰা সমষ্টিৰ অন্তগত পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ শিবেৰ আলগাৰ স্থানীয় বাসিন্দা নুৰ মহম্মদ সেখৰ ১১ জনীয়া পৰিয়ালক চৰকাৰী বান সাহায্যৰ পৰা সম্পূৰ্ণৰুপে বঞ্চিত কৰাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে। প্ৰাপ্ত বাতৰিমতে বাপেক-পুতেকৰ ১১ জনীয়া পৰিয়ালটোৰ দেউতাক গৌৰীপুৰত অস্থায়ীভাৱে থাকে৷

পুতেকে শিবেৰ আলগাত থাকে যদিও বান সাহায্যৰ পৰা পৰিয়ালটোক বঞ্চিত কৰিছে। ইপিনে পৰিয়ালটোৱে পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমিনা খাতুন লগতে পঞ্চায়তৰ সদস্য হাসমত আলীক জনোৱাৰ পিছতো কোনো ধৰণৰ কানসাৰ নিদিয়াৰ অভিযোগ কৰিছে পৰিয়ালটোৱে। আনহাতে পৰিয়ালটোত বিশেষভাৱে সক্ষম লোক থকাৰ লগতে অতি দুখীয়া পৰিয়ালটোৰ ক্ষেত্ৰত চৰকাৰে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।