পিঠিত খাদ্যসামগ্ৰীৰ বস্তা কঢ়িয়াই বন্যাৰ্তৰ কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মী

 07/23/2019 - 12:41

ডিজিটেল ডেস্কঃ সোমবাৰে বানাক্ৰান্তৰ কাষত দেখা গ’ল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক। বোকাখাতত বানাক্ৰান্তসকলৰ বাবে মৰিয়নী সমষ্টি যুৱ কংগ্ৰেছ, মৰিয়নী ব্লক মজদুৰ কংগ্ৰেছ কমিটী, মৰিয়নী NSUIৰ সহযোগত বিধায়কজনে আগবঢ়ালে সাহায্য সামগ্ৰী। বিধায়কগৰাকীয়ে নিজেই নাৱৰ পৰা নমালে সাহায্যৰ চাউলৰ বস্তা। ছচিয়েল মিডিয়াত বান সাহায্য বিতৰণৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে মৰিয়নীৰ বিধায়কগৰাকীয়ে।

ফটোৰ কেপচনত ৰূপজ্যোতি কুৰ্মীয়ে লিখিছে – ‘মানুহে মানুহৰ বাবে...’ গীতটিয়ে সদায় মানৱ ধৰ্ম কৰিবলৈ আপ্লুত কৰে। কাৰণ মানৱ সেৱাই ঈশ্বৰ সেৱা।’ অৱশ্যে ৰূপজ্যোতি কুৰ্মীয়ে পিঠিত বস্তা লোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও এইদৰে দেখা গৈছিল কুৰ্মীক। সাধাৰণতে সহজ–সৰল জীৱন–যাপন কৰা বিধায়ক কুৰ্মীক সদায় দেখা যায় সমষ্টিবাসীৰ কাষত।

সমষ্টিবাসীৰ যিকোনো সমস্যাৰ সময়ত কাষত থিয় হয় বিধায়কজন। ৰূপজ্যোতি কুৰ্মীৰ এই বদান্যতাই জনসাধাৰণৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।