তিতাবৰত প্রধানমন্ত্রী আৱাস যোজনা গৃহ নির্মাণত ব্যাপক কেলেংকাৰী

 07/23/2019 - 13:14

তিতাবৰঃ নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ সুযােগ লৈ তিতাবৰ খণ্ড উন্নয়নৰ অধীনৰ বিৰিণাশায়েক গাঁও পঞ্চায়ত আৰু মেলামাটি গাঁও পঞ্চায়তৰ ডফলাটিং চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বাবে আবণ্টিত হোৱা প্রধানমন্ত্রী আবাস যোজনা গৃহ নির্মাণৰ নামত সংঘটিত হৈছে বিয়াগােম কেলেংকাৰী। ডফলাটিং চাহ বাগিচাৰ চাহ মজদুৰ সংঘ সম্পাদক গৰাকীৰ লগতে বিৰিণাশায়েক গাঁৱৰ এগৰাকী লােকে দালালৰ ভূমিকা গ্রহণ কৰি নিৰক্ষৰ শ্ৰমিককেইজনক গৃহ নির্মাণ কৰি দিয়াৰ নামত শ্রমিককেইজনৰ গৃহ সম্পূর্ণ নকৰাকৈ বেংকৰ একাউণ্টৰ পৰা সমুদায় ধন উলিয়াই লৈ যোৱা অভিযোগ উত্থাপন হৈছে।

জানিবলৈ দিয়ামতে ২০১৬-১৭ বৰ্ষত প্রধানমন্ত্রী আৱাস যোজনা অধীনত বিৰিণা শায়েক গাঁও পঞ্চায়তৰ অধীনৰ ডফলাটিং চাহ বাগিচাৰ চাহ শ্রমিক জিতেন মণ্ডা আৰু মহিলা শ্রমিক জেছমিন মুণ্ডাই দুটা গৃহ আবণ্টন পাইছিল আৰু মেলামাটি গাঁও পঞ্চায়তৰ অধীনৰ ডফলাটিং চাহ বাগিচাৰ চাহ শ্রমিক লাল নায়কে পঞ্চায়তৰ পৰা এটা গৃহ আবণ্টা পাইছিল। এই দৰিদ্ৰ চাহ শ্ৰমিকৰ ধান সৰলুকী কৰিবলৈ ভূতৰ ওপৰত দানৱ পৰা দি জঁপিয়াই পৰে বিৰিণাশায়েকৰ খুমন ওৰফে প্রফুল্ল শইকীয়া আৰু ডফলাটিং চাহ বাগিচাৰ চাহ মজদুৰ সংঘৰ সম্পাদক আনােৱাৰ আলী ।

উল্লেখযোগ্য যে এই দালাল দুইটাই হিতাধিকাৰীৰ গৃহ সমূহ সম্পূর্ণ নকৰাকৈ শ্রমিকজনৰ বেংক একাউণ্টৰ পৰা কৌশলেৰে সমুদায় ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।। আশ্চর্যজনক বিষয় যে তিতাবৰৰ খণ্ড উন্নয়ন বিষয়া (বি ডি অ') আৰু কনিষ্ঠ অভিযন্তাই এই গৃহসমূহ তদাৰক কৰিব লাগে যদিও এই দুগৰাকী চৰকাৰী বিষয়াই দালাল দুগৰাকীক সমর্থন কৰাৰহে অভিযোগ উঠিছে বাগিচাখনত। যাৰফলত ভুক্তভোগী শ্রমিক হিতাধিকাৰী জিতেন মুণ্ডা, জেছমিন মুণ্ডা আৰু লাল নায়কে দালাল আনােৱাৰ আলী আৰু প্রফুল্ল শইকীয়াৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।