যোৰহাটত ফেচবুক গোট 'হেল্পিং হেণ্ড’ৰ প্ৰশংসনীয় পদক্ষেপ

 07/23/2019 - 13:53

যোৰহাটঃ ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যশাৰী যেন আখৰে আখৰে প্ৰমাণ কৰি দেখুৱালে 'হেল্পিং হেণ্ড’ নামৰ ফেচবুকৰ এটা গোটে। ২০১৭ চনতে বিভিন্ন ইতিবাচক চিন্তাৰে জাতি, ধৰ্ম নিৰ্বিশেষ ব্যক্তিৰে গঠিত হোৱা এই ফেচবুকৰ গোটটো যেন এতিয়া হৈ পৰিছে অন্যৰ বাবে অনুপ্ৰেৰণাৰ স্থলী। বিভিন্ন সময়ত, বিভিন্ন সমস্যাত আক্ৰান্তসকলক নিঃস্বাৰ্থ ভাবে সহায় কৰি অহা গোটটোৱে এইবাৰ দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।

নিজৰ গাঁঠিৰ ধন ভাঙি ফেচবুকৰ গোটটোৰ সদস্যসকল আগবাঢ়ি আহি সহায় কৰিছে বানাক্ৰান্ত সকলক। গোটটোৰ সদস্যসকলে যোৰহাটৰ মালৌখাট অঞ্চলত ১০৬ টা পৰিয়ালক নিজৰ সাধ্যানুহাৰে কিছু সামগ্ৰী যোগান ধৰে। গোটৰ সদস্যসকলৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।