বালিসিঠা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান

 03/26/2019 - 18:37

খৈৰাবাৰীঃ খৈৰাবাৰীত মাৰ্চৰ ২৩, ২৪ আৰু ২৫ তাৰিখে বালিসিঠা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
প্ৰাক্তন ছাত্ৰ তথা নাবাৰ্ডৰ অৱসৰী মহাপ্ৰবন্ধক দেবেন ডেকাই সোমবাৰে সামৰণি দিনা অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে।প্ৰতিবেদন পাঠ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক লোহিত শইকীয়াই ।
প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰ অৰুন চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে সমালোচক-লেখক ময়ুৰ বৰা। বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ 'বালিচন্দা’ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে।সভাত দুয়োগৰাকী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুতো মূল্যৱান বক্তব্য প্ৰদান কৰে।
শতবৰ্ষ গৰকা বিদ্যালয়খনৰ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰা অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।