পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

 07/23/2019 - 14:02

বৈঠালাংছঃ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। মেনমেজি নামৰ গাঁওখনত এটা ছাগলীক ভক্ষন কৰিবলৈ চেষ্টা চলাই থকা অৱস্থাত গাঁওবাসীয়ে প্রত্যক্ষ কৰে এডাল অজগৰক। তাৰ পাছতেই অঞ্চলটোৰ কেইজনমান লোকে উক্ত স্থানৰ পৰা অজগৰটোক উদ্ধাৰ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে।

উদ্ধাৰ হোৱা প্ৰায় ১০ ফুট দৈৰ্ঘৰ অজগৰটোক খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তর্গত থকা আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে খেৰণি বন বিভাগৰ বন কৰ্মচাৰীয়ে।

উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই স্থানীয় লোকে এনেদৰে খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তর্গত বিভিন্ন ঠাইত তথা জনাঞ্চলসমূহত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা অজগৰ প্ৰত্যক্ষ কৰা অথবা স্থানীয় ৰাইজে অজগৰ উদ্ধাৰ কৰা দেখিবলৈ পোৱা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।