আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

 07/23/2019 - 14:13

গোলাঘাটঃ অসম নগালেণ্ড সীমান্তৰ বিদ্যাপুৰত অনুষ্ঠিত হোৱা আমছুৰ গোলাঘাট জিলাৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ আহি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমে সংবাদ মাধ্যমৰ আগত অমিত শ্বাস আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল হিন্দুসকলক দীৰ্ঘম্যাদী ভিজা দি নাগৰিকত্ব দিয়াৰ যি অভিসন্ধি তাৰ বিৰোধিতা কৰি কয় যে এই ক্ষেত্ৰত চুপ্ৰীম কৰ্টক অৱমাননা কৰি NRC সমস্যাটো জোৰ জৱৰদস্তি জীয়াই ৰাখিব বিছাৰিছে কেৱল ভোটৰ ৰাজনীতিৰ কাৰণে।

চৰকাৰে কেৱল মুছলমান ধৰ্মৰ লোকসকলক NRCৰ নামত যথেষ্ট হাৰাশাস্তি কৰিছে৷ NRCৰ সমস্যাটো অসম চুক্তিৰ আধাৰত সমাধান কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে বিদেশী চিনাক্তকৰণ কৰিবলৈ বিশ্বৰ যিকোনো ঠাইৰ পৰা মেচিন আনি পৰীক্ষা কৰি ল’বলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰক। অসমৰ জলন্ত সমস্যাসূহৰ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদি চৰকাৰে কেৱল ধৰ্মীয় ৰাজনীতি কৰাতহে গুৰুত্ব দিয়া দেখা গৈছে বুলি সৰৱ হয় ৰেজাউল কৰিম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।