দৰঙৰ দলগাঁৱত সৰ্বস্বান্ত হোৱা কৃষকৰ হাহাকাৰ

 07/23/2019 - 14:58

দলগাঁওঃ ৰাজ্যত বিভিন্ন জিলাৰ লগতে দৰঙৰ বিভিন্ন ঠাইৰ লগতে দলগাঁও চাৰ্কোলৰ অন্তৰ্গত অৰ্ধশতাধিক গাওঁ বানপানীত প্লাৱিত হয় ফলত কৃষকৰ শ শ বিঘা শাক পাচলি লগতে খেতি পথাৰ জাহ গ’ল বানপানীত। দলগাঁও সমষ্টিৰ অন্তৰ্গত শামপুৰ, বদলিবৰালী, খেৰনিচাপৰি, ৰৌমাৰী, আৰিমাৰি,পুৱ মংগলদৈৰ বাইগৰমাৰী, মাগুৰমাৰি, কলাইচৰ, আদি আৰু চৰ-চাপৰি বিভিন্ন অঞ্চলত বানপানী ফলত শ শ বিঘাৰ জিকা, বেঙেনা, জলকীয়া, আদি পাচলি আৰু ধানখেতি, মাকৈ, মৰাপাট আদি বানপানী জাহ গৈছে।

বানৰ ফলত বিনষ্ট হৈছে কৃষকৰ খেতি। প্ৰতি বিঘাত প্ৰায় দহ হাজাৰত কৈ অধিক টকা খৰচ কৰা পাচলি খেতি সমূহ নষ্ট হয়। এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে অঞ্চলটোৰ কৃষকৰ মাজত। এতিয়া বিনষ্ট হোৱা খেতি পথাৰ চাই মুৰে কপালে হাত দিছে একাংশ ৰাইজে। কৃষক ৰাইজৰ দাবী অতিশীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই তদন্ত মৰ্মে ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিব লাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।