নলবাৰীৰ দুৰ্গম এলেকাৰ বানাক্ৰান্তৰ কাষত 'অসমীয়া বন্ধু’

 07/23/2019 - 15:14

নলবাৰীঃ 'অসমীয়া বন্ধু’ ফেচবুক পেজৰ সৌজন্যত নলবাৰী জিলাৰ তিনিখন দুৰ্গম গাঁৱৰ প্ৰায় ১৩০টা পৰিয়ালক বান সাহায্য প্ৰদান কৰা কৰা হয় যোৱা তিনিটা দিনত।

জলবন্দী পৰিয়ালৰ শিবিৰৰ লগতে পানী পাৰ হৈ বানে গৰকা ঘৰসমূহত উপস্থিত হয় 'অসমীয়া বন্ধু’ৰ এডমিন মৃগাংক বৰ্মনৰ লগতে ৮ জনীয়া এটা দল।

বানাক্ৰান্ত সকলৰ দুখৰ সমভাগী হোৱাৰ উপৰিও কাপোৰ, চিৰা, চাউল, বিস্কুট, ৰুটি, মমবাটি, মহ খেদা ধূপ আদি বিতৰণ কৰে 'অসমীয়া বন্ধু’য়ে। 'অসমীয়া বন্ধু’ৰ এই মানৱীয় পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।