ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছু গোটৰ তীব্ৰ প্ৰতিবাদ

 07/23/2019 - 15:29

ডিব্ৰুগড়ঃ উজনি অসমৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই বৰ্ষৰ নামভৰ্ত্তিৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন বিভাগ আৰু কেন্দ্ৰ সমূহত অধিক মাচুল বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে শিক্ষাৰ্থী সমাজ। পূৰ্বৰ তুলনাত মাচুল বৃদ্ধি কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভয়াৱহ ভৱিষ্যতৰ সূচনা কৰাৰ অভিযোগ কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে আছু গোটে। নামভৰ্তিৰ বাবে নিৰ্ধাৰিত মাচুলৰ নিৰিখ প্ৰকাশ হোৱাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটে স্মাৰক পত্ৰ প্ৰদান কৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক।

উল্লেখ্য যে, কলা আৰু বিজ্ঞান শাখাৰ বিভিন্ন বিভাগৰ নামভৰ্তিৰ মাচুল ১৬ শতাংশ পৰ্যন্ত আৰু বিভিন্ন কেন্দ্ৰৰ নামভৰ্তি মাচুল ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছিল। এনে ব্যৱস্থা বাহাল থাকিলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি স্মাৰক পত্ৰ প্ৰদান কৰি হুংকাৰ দিছিল আছু গোটৰ সদস্যসকলে। ইফালে এক সূত্ৰত প্ৰকাশ পোৱা অনুসৰি উজনি অসমৰ এই আবাসীক বিশ্ববিদ্যালয়খনত ৫০ শতাংশৰো অধিক ছাত্ৰ-ছাত্ৰী বাস কৰে ব্যক্তিগত ছাত্ৰবাসত। ইয়াৰ লগতে খালী হৈ আছে শতাধিক শিক্ষকৰ পদ। তাৰ পিছতো তেনে ক্ষেত্ৰত গুৰুত্ব নিদি মাত্ৰ মাচুল বৃদ্ধিতে ব্যস্ত থকাৰ অভিযোগ আনিছে ছাত্ৰ সমাজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।