নগাঁৱৰ জুৰীয়াত পাঁচ শতাধিক বানাক্ৰান্তক চিকিৎসা প্ৰদান তিনিটা বেচৰকাৰী সংগঠনৰ

 07/23/2019 - 15:48

জুৰীয়াঃ এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আলহাজ নুৰুল আমিন চৌধুৰীৰ ব্যতিক্ৰমী প্ৰচেষ্টা।বেচৰকাৰী সংস্থাৰ সহযোগত সহায় কৰিলে বানাক্ৰান্তক। নগাঁৱৰ জুৰীয়াত বান পৰিস্থিতি লাহে লাহে স্বাভাৱিক হ’বলৈ ধৰিছে।আশ্ৰয় শিবিৰ ত্যাগ কৰি মৰমৰ নিজ ঘৰখনলৈ যাব ধৰিছে বন্যাৰ্তই। বানপানী কমি যোৱাৰ লগে লগেই এতিয়া মহামাৰীৰ আশংকাত ভূগিছে বানাক্ৰান্ত লোক সকল।

ঠিক তেনে সময়তেই জুৰীয়াৰ সুতিৰপাৰৰ বানাক্ৰান্তৰ কাষত থিয় দিলে তিনিটাকৈ বেচৰকাৰী সংগঠন। এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আলহাজ নুৰুল আমিন চৌধুৰীৰ নেতৃত্বত যোৱা তিনিটাকৈ বেচৰকাৰী সংগঠনে জুৰীয়াৰ সুতিৰপাৰত প্ৰি - হেল্থ - কেম্প পাতি প্ৰায় পাঁচ শতাধিক বানাক্ৰান্তক চিকিৎসা প্ৰদান কৰে। তিনি বেচৰকাৰী সংগঠনৰ এনে কাৰ্য্যৰ শলাগ লয় স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।