বিধানসভাত বৰাকৰ হৈ নিজৰ মতামত দাঙি ধৰিব কৃষক নেতা জহিৰ উদ্দিন লস্কৰে

 07/23/2019 - 16:50

শিলচৰঃ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ আমন্ত্ৰণ পাই আজি দিচপুৰত বিশেষ সভাত বৰাকৰ হৈ নিজৰ মতামত দাঙি ধৰিব বৰাকৰ কৃষক নেতা জহিৰ উদ্দিন লস্কৰে। মংগলবাৰে বিয়লি ৪.৩০ বজাত অসম বিধানসভাৰ চেন্ট্ৰেল হলতেই হ’ব এই বিশেষ আলোচনা সভা। তাত বৰাকৰ হৈ থাকিব কৃষক মুক্তিৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰ।

বৰাকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় ৰুপসহ কৃষক, বাগান শ্ৰমিকৰ বিভিন্ন দাবীকে ধৰি কাছাৰৰ ৪১ গৰাকী চৰকাৰী মণ্ডল/পাটোৱাৰীৰ নিযুক্তিৰ অহেতুক লেহেমীয়াৰ প্ৰসংগটোও তুলি ধৰিব লস্কৰে আজিৰ বিশেষ সভাত। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ এনে কাৰ্যৰ সলাগ লৈছে বৰাকৰ বিভিন্ন সামাজিক সংগঠনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।