পুনৰ বানপানীৰ কবলত বঙাইগাঁও জিলাৰ ২০খন গাঁও

 07/23/2019 - 17:12

মাণিকপুৰঃ আই,মানাহ নদীৰ পানী ফেনেফোটোকাৰে বাঢ়িবলৈ ধৰিছে।

কোকিলাৰ নাম্বাৰপাৰা ৩য়, বাংলাপাৰা, গণবিন‍্যা, গোলাপাৰা, তিলপুখুৰী, টেন্টনপুৰ, কাহিবাৰী, বালাৰপেট, বালাৰচৰ, মাত্ৰাঘোলা, ভাণ্ডাৰা, বাশবাৰী, আলাগুৰী পুনৰ বানপানীৰ কবলত। বঙাইগাওঁ-চিৰাং জিলাৰ সংযোগী কাচদহা-ভাণ্ডাৰা সংযোগী পথ বিচ্ছিন্ন।

ৰাতিপুৱা আই নৈৰ বাঢ়নী পানীৰ সোঁতে ভাঙি পেলালে গুৰুত্বপূৰ্ণ পথটো। যাতায়ত ব্যাহত হোৱাত দক্ষিণ কাচদহা আৰু ভাণ্ডাৰাৰ কেইবা সহস্ৰাধিক লোকে চৰম অসুবিধা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।