বান পৰিস্থিতি বুজ লবলৈ কামপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 07/23/2019 - 18:14

ৰহাঃ বান পৰিস্থিতি বুজ লবলৈ সোমবাৰে কামপুৰত উপস্থিত হয় প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কামপুৰত উপস্থিত হোৱাৰ লগে লগে বিজেপি কৰ্মীসকলে আদৰণি জনায় মন্ত্ৰীগৰাকীক৷ কামপুৰ কপিলী দলংৰ পৰা ঐতিহ্যমণ্ডিত ৰত্নাৱলী থানলৈ যোৱা গড়কাপ্তানী পথটো পৰিদৰ্শন কৰোতেই হঠাৎ খং উঠিল হিমন্তৰ৷ কাৰণ পথটো লেহেমীয়া গতিত নিৰ্মান হোৱাত ৰাইজৰ অসুবিধা হোৱা বুলি অভিযোগ তোলা এজন লোকৰ লগত তৰ্কযুদ্ধত লিপ্ত হয়, মই ফটোৱা মানুহ নহয় বুলি মন্তব্য কৰি হিমন্তই কয় যে আপোনালোকে উন্নয়ন নেদেখে নেকি৷ ৰাস্তাৰ কাম চলি আছে৷

তাৰ পাছতেই মন্ত্ৰী গৰাকীয়ে বিশাল কনভয় লৈ পুখুৰী সদৃশ মাধাৱপাৰা শিমলুগুৰি গড়কাপ্তানী পথেৰে যাত্ৰা কৰি গৈ কামপুৰ পুঠিমাৰী অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ লয়৷ আজিকোপতি চৰকাৰী সাহায্য বা ৰিলিফ নোপোৱা পুঠিমাৰী অঞ্চলবাসীয়ে মন্ত্ৰীগৰাকীক ৰিলিফৰ বিপৰীতে বানত হোৱা ক্ষতিপূৰণ দিয়াৰ লগতে অঞ্চলটোৰ পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায়৷ ইফালে মন্ত্ৰীগৰাকী যোৱাৰ পাছতে সাৰ পালে কুম্ভকৰ্ণ নিদ্ৰাত থকা গড়কাপ্তানী বিভাগে৷ হিমন্তৰ নিৰ্দেশত তৎকালীন ভাৱে পথটোত ৰাবিজ পেলাই পথটো মেৰামতিত লাগিল গড়কাপ্তানী বিভাগ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।