ডবকাত উদ্ধাৰ হাতী পোৱালী

 07/23/2019 - 18:48

হোজাইঃ ডবকাৰ মদাৰতলী আদৰ্শ গাঁৱত উদ্ধাৰ এটা হাতী পোৱালী৷ নিশা বন্যহস্তীৰ জাকৰ লগত হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ পোৱালীটো৷ মাতৃৰ পৰা বিচিন্ন হয় উদ্ধাৰ হোৱা অসুস্থ হাতী পোৱালীটো৷

নিচেই কাষতে থকা বন বিষয়াৰ কাৰ্য্যালয়ত স্থানীয় লোকে খবৰ দিয়াৰ পিছতো উপস্থিত নহ’ল বন বিষয়াৰ কোনো দল। পিছত স্থানীয় লোকে অসুস্থ হাতী পোৱালিটো উদ্ধাৰ কৰি মদাৰতলীৰ বন বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়ে।

মাদাৰতলীত পশু বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰে অসুস্থ হাতী পোৱালীটোক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।