প্ৰদ্যুম্ন দাসৰ 'হৃদয়ৰ দাপোণ’ উন্মোচন

 07/23/2019 - 18:57

ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰগত কুকুৰমাৰা গাঁৱৰ এজন যুবকে নিজ বাসগৃহতে তেওঁৰ প্ৰয়াত পিতৃৰ নামত এখন কবিতা পুথি উৎসৰ্গা কৰি 'হৃদয়ৰ দাপোণ’ নামৰ কবিতা পুথিখন উন্মোচন কৰে, স্বৰ্গীয় পিতৃ বৰুণা দাস আৰু মাতৃ শ্ৰীশ্যামবালা দাসৰ নামত জেষ্ঠ পুত্ৰ তথা কবি প্ৰদ্যুম্ন দাসে উৎসৰ্গিত কৰে তেওঁৰ বাসগৃহত। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পুথিখন উন্মোচন কৰে, ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক ড: নগেন কলিতাই।

তেওঁ কবিগৰাকীৰ অমায়িক স্বভাৱক প্ৰশংসা কৰে, লগতে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা ঔপন্যাসিক উমেশ কলিতাই আঁত ধৰা আনুষ্ঠানটোত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ সাহিত্য সম্পাদক তথা বিশিষ্ট নিৱন্ধকাৰ প্ৰসেনজিৎ কলিতা, বিশিষ্ট কবি তথা গীতিকাৰ মিলন মজুমদাৰ, চণ্ডিকা অফছেট প্ৰেছৰ স্বত্বাধিকাৰী উজ্জ্বল মেধি, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সোণমইনা শালৈ, গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা সুনীল দাস, বেটুপাতৰ শিল্পী তথা ছয়গাঁও ছৰকাৰী মজলীয়া বিদ্যালৰ শিক্ষক জোনমণি দাস, গাঁৱৰ ৰাইজৰ আত্মীয়সকলৰ লগতে বিশিষ্ট কবি হৰেশ্বৰ ৰাভা আদিয়ে ভাষণ প্ৰদান কৰি কবি প্ৰদ্যুম্ন দাসৰ জিৱনৰ কৰুণ গাথা শুনি অভিভূত হৈ উৎসাহ আৰু আগন্তুক পেৰণা যোগায়। গ্ৰন্থ উন্মোচনী সভাখনত কবি প্ৰদ্যুম্ন দাসে তেঁওৰ সহজ সৰল মাতৃক সম্বৰ্ধনা কৰি স্বৰ্গীয় পিতৃ দেৱৰ স্মৰণ কৰি তেওঁ লিখা " হৃদয়ৰ ভাষা" নামৰ কবিতাটো আবৃত্তি কৰি সকলোকে আৱেগিক কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।