গহপুৰত বানত উটি অহা মেটেকাই কৰিলে বিস্তৰ কৃষিভূমি নষ্ট

 07/23/2019 - 19:03

জুৰীয়াঃ বান পৰিস্থিতিৰ সমস্যা লাহে লাহে কমিছে যদিও বিভিন্ন স্থানত এতিয়াও সৰ্ম্পূন ৰূপে পানী ওলাই যোৱা নাই। বৰ্তমান বানপানীৰ পিছতেই গহপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত বানপানীত উটি অহা মেটেকাই কৃষকক ভোগাইছে হাৰাশাস্তি। কৃষকসকলে ভুঁই ৰোৱা মাটিত এতিয়া কেৱল মেটেকা। বৃহৎ বৃহৎ মেটেকাসমূহে হাজাৰ হেক্টৰ ভূমিত লাগি ধৰি অনিষ্ট কৰিছে ৰোৱা সমূহ।বাকৰি, আখৈফুটা, ডাঠকলা, টলটলী আদি গাঁৱৰ কৃষিভূমিত এতিয়া মেটেকাৰ দ'ম দেখি মূৰে কপালে হাত দিছে কৃষকে। কিয়নো অতি কষ্টৰে ভুঁই ৰোৱা তলী সমূহত যেতিয়া এনে পৰিৱেশ দেখিব কৃষক সকল ভাগি পৰাটো স্বাভাৱিক।

এবাৰ ৰুবলৈ কিমান কষ্ট তাৰ পৰিপেক্ষিতত এতিয়া কৃষিভূমিৰ পৰা মেটেকা গুচাই পুনৰ ৰুবলৈ এতিয়া হাজাৰবাৰ ভাবিব লগীয়া হৈছে গহপুৰৰ কৃষকে। বিভিন্ন বিল, পিতনি সমূহৰ পৰা এই মেটেকাৰ দ'ম সমূহ বানপানীত উটি আহি কৃষকৰ ৰোৱাতলীত লাগি ধৰি পথাৰ সমূহতে আৱদ্ধ হৈ পৰাত কৃষকে মেটেকা গুচাবলৈ চেষ্টা কৰিছে যদিও অৱশেষত কৃষক সকলে হাৰ মানিছে কিয়নো ইমানবোৰ মেটেকা গুচুৱাটো এতিয়া কৃষকৰ বাবে সম্ভৱপৰ নহয় সেয়ে কিছু কিছু খেতিয়কে এতিয়া ট্ৰেক্টৰ লগাই মেটেকা সমূহ নাঙলেৰে কাটি পুনৰ ৰোৱাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে যদিও এতিয়া প্ৰধান সমস্যা হৈ পৰিছে কঁঠিয়া। কিয়নো বানপানীত সকলোখিনি কঁঠিয়া নি:শেষ হৈ যোৱাত কৃষকৰ মাজত দেখা দিছে ন ন সমস্যাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।