খাৰুপেটীয়াত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড

 07/23/2019 - 19:19

খাৰুপেটীয়াঃ বানাক্ৰান্ত অঞ্চলত চিকিৎসা সেৱাৰ নামত স্বাস্থ্য বিভাগৰ ভেকোঁভাওনা। চিকিৎসক অবিহনে বানাক্ৰান্তৰ মাজত চলিছে চিকিৎসা শিবিৰ। এনে আজৱ কাণ্ড দেখা গ’ল দৰঙৰ খাৰুপেটীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনত বাইগৰমাৰী গাঁৱত। প্ৰলয়ংকৰী বানৰ পিছত সৃষ্টি হোৱা ৰোগৰ চিকিৎসাৰ বাবে বৃহত্তৰ চৰাঞ্চল মাগুৰমাৰী, বাইগৰমাৰী অঞ্চলৰ বানাক্ৰান্তৰ বাবে অনুষ্ঠিত চিকিৎসা শিবিৰত দেখা নগ’ল কোনো এজন চিকিৎসকক।

চিকিৎসক অবিহনে এজন ফাৰ্মাচিষ্টৰ নেতৃত্বত খাৰুপেটীয়া স্বাস্থ্য কেন্দ্ৰৰ এটা দলে প্ৰদান কৰিছে বানাক্ৰান্তৰ চিকিৎসা সেৱা। পৰ্যাপ্ত ঔষধ অবিহনে চলা চিকিৎসা শিবিৰখনত সকলো বেমাৰৰ বাবে একে ঔষধ প্ৰদান কৰাৰ অভিযোগ বানাক্ৰান্ত একাংশ লোকৰ। লক্ষণীয় বিষয় যে শিবিৰটোত চিকিৎসা সেৱাৰ নামত কন কন শিশুকো প্ৰদান কৰা হৈছে কফ চিৰাফ। বানাক্ৰান্তৰ চিকিৎসা সেৱাৰ নামত খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া- কৰ্মচাৰীৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।