বন্যাৰ্তৰ মাজত বস্ত্ৰ বিতৰণ জমিয়ত উলামা বজালী জিলা সমিতিৰ

 07/23/2019 - 19:25

বজালীঃ ৰাজ্যত বহুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে।

সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰো বিভিন্ন প্ৰান্তত প্ৰলয়ংকৰী বানৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। আজি বন্যাৰ্তৰ কাষত থিয় দিয়েহি বজালী জিলা জমিয়ত উলামাৰ বহু সদস্যই।

জমিয়ত উলামাৰ সকলো সদস্যই দাতিৰবড়ী আদি ঠাইৰ প্ৰায় পাচ শতাধিক বানাক্ৰান্তৰ বাবে বস্ত্ৰ বিতৰণ কৰে। জমিয়ত উলামা বজালী জিলা সমিতিৰ এইখিনি সহায় লাভ কৰি যথেষ্ট সন্তোষ প্ৰকাশ কৰে বানাক্ৰান্ত ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।