ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত নাগ পঞ্চমী উপলক্ষে শ্ৰী শ্ৰী মনসা পূজা সম্পন্ন

 07/23/2019 - 19:30

উত্তৰ গুৱাহাটীঃ ঋষি মাৰ্কণ্ডেয়ৰ আশীষ পুষ্ট সাধন স্থান তীৰ্থনগৰী উত্তৰ গুৱাহাটী। পুৰাণত শক্তিপীঠ ৰূপে জনাজাত দীৰ্ঘেশ্বৰী দেৱালয়ত পৰম্পৰাগত ভাৱে শ্ৰী শ্ৰী মনসা দেৱীৰ পূজা অৰ্চনা প্ৰতি বছৰৰ দৰে এই বেলিও সম্পন্ন কৰা হয়। ২২ জুলাইত নাগ পঞ্চমী তিথি উপলক্ষে দেৱী মনসাৰ আশীষ লাভ কৰিবলৈ অগণন ভক্তই ভিৰ কৰেহি।

দেৱালয় মুখ্য পুৰোহিত বিনয় শৰ্মাই পুৱাৰে পৰা বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে পূজা অৰ্চনা কৰা কৰে। হোম যজ্ঞ বলিদানৰ অন্তত উপস্থিত ভক্তপ্ৰাণ ৰাইজক ভোগভাত বিতৰণ কৰা হয়৷ এই উপলক্ষে দেৱালয় প্ৰাংগণত দলৈ সতীশ ভট্টাচাৰ্যৰ লগতে দেৱালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ উপস্থিত থাকে বুলি দেৱালয় পৰিচালনা সমিতিৰ উপ সভাপতি দিলীপ বড়াই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।