কোকৰাঝাৰত বানপানী

 07/23/2019 - 19:34

কোকৰাঝাৰঃ মূষলধাৰ বৰষুণে বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰ বুৰাই পেলাইছে৷শান্তিনগৰ, গৌৰনগৰ, শুভাষপল্লী, সুদেমপুৰী, নাৰাবাৰী, হাদানপাৰাকে ধৰি চহৰখনৰ মুখ্য পথতো বানপানীৰ সৃষ্টি হোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে যোৱা দুদিনধৰি মূষলধাৰ বৰষুণৰ ফলত গৌৰাং নদীকে ধৰি কেইবাখনো নদীৰ পানী ফেনেফোটোকাৰে বাঢ়ি অহাৰ ফলত কোকৰাঝাৰ চহৰৰ বিভিন্ন ঠাইৰ লগতে চেঁচাপানী, মধ্যচেঁচাপানী,বাগিছাগাঁও গৌৰাং নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে৷ ইতিমধ্যে শ' শ' বিঘা কৃষিভূমি, শতাধিক পুখুৰী গৌৰাং নদীৰ বাঢ়নি পানীৰ কবলত পৰিছে৷

উল্লেখিত গাঁও তিনিখন ইতিমধ্যে গৌৰাং নদীৰ সৈতে একাকাৰ হৈছে আৰু ঘৰৰ আচবাব সমূহকে ধৰি ধান আৰু ঘৰৰ সকলো বয় বস্তু নষ্ট হোৱাত ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।