ফেনেফোটোকাৰে বাঢ়িছে পুথিমাৰী আৰু শুক্লাই নৈৰ পানী

 07/23/2019 - 19:52

গোৰেশ্বৰঃ পুনৰ বানৰ কবলত বাক্সাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজকুচলাবাসী| মথাউৰিৰ ওপৰেৰে বাগৰিছে পুথিমাৰী নৈৰ পানী| পশুধনৰ লগতে কেইবাটাও বাসগৃহৰ এতিয়া পানীৰে উপচাই পেলাইছে| ঘন্টাত বাঢ়িব ধৰিছে পুথিমাৰী নৈৰ পানী, ফলত খেতি- বাতি বুৰাই পেলাইছে অঞ্চলটোত৷ 

উল্লেখ্য যে কিছুদিনৰ আগতে ভাৰত ভূটান সীমান্তৰ পৰা বাক্সা জিলাৰ মাজেৰে বৈ অহা পুঠিমাৰী, দেওঁচুঙা, শুক্লাই নৈৰ বাঢ়নী পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেনিগাঁও, বড়িগাঁও, বাঙালীপাৰা, বৰপথাৰ, খৈৰাবাৰী, ১,২ নং বেটাগাঁও, ১ নং সুৱাগপুৰ অম্বৰীশ নগৰ, দেওচুঙা, বৰপথাৰ, মোকালডোঙা, নিজকুছলা, হাৰিজোৰা আদিকে ধৰি বিশখনতকৈও অধিক গাঁও সম্প্ৰতি বানৰ কবলত পৰিছিল৷ অঞ্চলটোৰ শ শ পৰিয়ালৰ বাসগৃহ সম্প্ৰতি পানীয়ে বুৰাই পেলাইছিল৷ অঞ্চলটোৰ বিস্তৃত কৃষিভূমি জলমগ্ন হৈ থকাত কৃষকসকলে মূৰে-কপালে হাত দিব লগীয়া হৈছিল৷ এতিয়া বৰষুণ আহিলেই গাঁওবাসীয়ে চিন্তাৰে পাৰ কৰিব লগা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।