মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধৰ্মেশ্বৰ কোঁৱৰৰ ৫ লাখ টকাৰ চে’ক

 07/23/2019 - 20:01

নাজিৰাঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তথা ব্যক্তিয়ে বৰঙণি আগবঢ়াই অহাৰ সময়তে অবিভক্ত শিৱসাগৰ জিলাৰ চুকাফা নগৰৰ প্ৰকৃতিপ্ৰেমী তথা বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰে বানপীড়িত ৰাইজৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সহায়।

সোমবাৰে কোঁৱৰে নিজ হাতেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চে’কযোগে ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়াই।সমাজৰ হকে কাম কৰি ভালপোৱা কোঁৱৰে বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ হকে গ্ৰহণ কৰা এনে মহানুভৱতাক সচেতন মহলৰ লগতে চৰাইদেউবাসীয়ে আদৰণি জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।