দৰঙত বন্যাৰ্তক ভিন্নজনৰ সহায়ৰ হাত, ভোকৰ ভাত, বিপদত এশাৰী মাত

 07/23/2019 - 20:06

মঙ্গলদৈঃ ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে সমগ্ৰ দৰং জিলাৰ বিভিন্ন অঞ্চল শেহতীয়া প্ৰলয়ংকাৰী বানৰ কবলত পৰি বিধস্ত হৈছে। এটুপি খোৱাপানী তথা এমুঠি অন্নৰ বাবে বন্যাৰ্তই হাহাকাৰ কৰা দৃশ্যই মানৱ দৰদী সকলোৰে অন্তৰ গলাই তুলিছে । আনহাতে চৰকাৰী ভাবে পৰ্যাপ্ত সাহাৰ্য্য নোপোৱাৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে চৰকাৰী সাহাৰ্য্যলৈ বাট নাচাই বিগত কেইদিন ধৰি ভিন্ন প্ৰান্তৰ বন্যাৰ্তৰ মাজত দৰং আৰক্ষী, ৰামধেনু নৰ্থ-ইষ্ট এন.জি.অ', মঙ্গলদৈ টাউন ক্লাব, ইউনিটি (ৰক্তদাতা গ্ৰুপ),দৰঙীয়া ঝিয়া-লিকিৰা ফেচবুক গ্ৰুপ,এবিভিপি,এন এছ ইউ আই আদি গোট সমূহে খোৱা পানী, শুকান খাদ্য, চেনিটাৰী নেপকিন আদি বিতৰণ কৰি দুৰ্ভগীয়া সকলক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে।

আনহাতে মঙ্গলদৈস্থিত ৰাধিকা এক্স ৰে এণ্ড ইমেজিং চেণ্টাৰ,ভোগজৰা, আৰ এল ঘোষ এণ্ড চনন্স আদিকে ধৰি কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোগত দৰঙৰ ছিপাঝাৰ এলেকাৰ গৰুখুটি আৰু বৰাচুবা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত চাউল,ডাইল,পিয়াঁজ,কণী,বিস্কুট আদিৰ উপৰিও সৰু ল'ৰা ছোৱালীৰ বাবে কেক আৰু ফলৰ ৰস আদি বিতৰণ কৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।