দলগাঁৱৰ কঁপাটিত অঘটন

 07/23/2019 - 20:19

দলগাঁওঃ পুখুৰীৰ পানীত পৰি মৃত্যু তিনি সন্তানৰ পিতৃৰ। দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ১০ নম্বৰ বাগিচাকাষ গাঁৱৰ চৰকাৰী পুখুৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা।

বাগিচাকাষ গাঁৱৰ মৃত ব্যক্তিজনৰ নাম জাকিৰ হুছেইন। কথমপি ৰক্ষা পৰে মহিদুল হক নামৰ আন এজন ব্যক্তি। ঘটনাস্থলীত উপস্থিত দলগাঁও আৰক্ষীৰ দল।

মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ আৰক্ষীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।