ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত

 07/24/2019 - 12:13

ধুবুৰীঃ ধুবুৰীত নেৰেনেপেৰা বৰষুণৰ মাজতেই ভয়াৱহ অগ্নিকাণ্ড। এক লাখ বিশ হাজাৰ টকাৰ সামগ্ৰী ভস্মীভূত। ধুবুৰী জিলাৰ এ এম কো ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাপাৰা ভাটি গাঁৱত আজি দিনৰ ১০ বজাত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণ ভাৱে ভস্মীভূত হোৱাৰ লগতে নতুনকৈ ঘৰ এটা নিৰ্মান কৰাৰ উদ্দেশ্যেৰে ঘৰৰ ভিতৰত থকা কিছুমান কাঠ জমা কৰি ৰাখিছিল।

মুঠতে প্ৰায় ১ লাখ ২০ টকাৰ সা সম্পত্তিৰ ক্ষতিসাধন হয়। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে ধুবুৰী চহৰৰ এম কো ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাপাৰা ভাটি গাঁৱৰ ওচৰত বিগত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা হবিবৰ ৰহমানৰ ঘৰত আজি ৰাতি পুৱা ১০ বজাত ৰান্ধনী ঘৰত থকা মাটিৰ চুলাৰ পৰা জুইৰ লেলিহান শিখাই হঠাৎ ঘৰৰ বেৰৰ টিন পাতক আৱৰি ধৰে।

পিছে পৰিয়ালৰ লোকে উপায়হীন হৈ চিঞৰ বাখৰ কৰে যদিও উক্ত ঘৰৰ চাৰিওফালে বানপানীৰ থকাৰ বাবে প্ৰতিবেশীয়ে টুলুংগা নাৱেৰে কোনো লোকে পানীত সাঁতুৰি সাঁতুৰি গৈ হবিবৰ ৰহমানৰ ঘৰৰ জুই নুমুৱাবলৈ সক্ষম হয়। ইয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়েও হবিবৰ ৰহমানৰ ঘৰত উপস্থিত হয় যদিও তাৰ পূৰ্বেই স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।