নলবাৰীত নৈৰ বাঢ়নী পানীয়ে বুৰালে বালিতাৰা অঞ্চল

 07/24/2019 - 12:29

নলবাৰীঃ নলবাৰীৰ বালিতাৰাত অথন্তৰ৷অঞ্চলটোৰ কাষেৰে যোৱা চেংনৈ তথা পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে সমগ্ৰ অঞ্চলটো৷হঠাতে জলমগ্ন হ’ল অঞ্চলটো৷ নেৰানেপেৰা বৰষুণ আৰু ভূটান পাহাৰৰ পৰা নামি অহা পানীৰ ফলত নলবাৰীৰ প্ৰতিখন নৈ উপনৈৰ জলস্তৰ বৃদ্ধি হোৱাত কেইবাদিনো ধৰি জিলাখনৰ প্ৰায়বোৰ অঞ্চলে বানত প্লাৱিত হৈছে৷

চৰকাৰী তথ্যমতে জিলাখনৰ মুঠ ১৫০ খন গাঁও প্লাৱিত হৈছে বানত৷ কিন্তু নিশা হঠাতে চেংনৈ তথা পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও প্লাৱিত কৰাত পুনৰ ১২২ টা পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ পৰে। আনকি নলবাৰী-ধমধমা পথৰ ওপৰৰে পানী বাগৰাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ। এফালে নিশাই বালিতাৰা অঞ্চলৰ এই লোকসকলক সেনা বাহিনীৰ এটি দলে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি ওখ স্থানলৈ স্থানন্তৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।