বানাক্ৰান্ত ৰাইজৰ কাষত মৰাণৰ  ব্যৱসায়ী সন্থা 

 07/24/2019 - 12:50

মৰাণঃ বানে খেতি শস্যৰ পৰা ঘৰুৱা সামগ্ৰীলৈকে সকলো নিঃশেষ কৰি পেলোৱা পাছৰ সময়খিনি কিমান ভয়াৱহ বেদনাদায়ক তাক আচলতে নেদেখিলে সহজে অনুমান কৰিব নোৱাৰি। পানী শুকাই যোৱাৰ পাছতহে আৰম্ভ হয় বানাক্ৰান্ত ৰাইজৰ সংগ্ৰাম। কোনোৱেই যদি এসাঁজ খাই দিন পাৰ কৰিছে আন কোনোবাই সকলো হেৰুৱা দুখত ভাৰাক্ৰান্ত হৈ সময় গণিছে। চৰকাৰে বানাক্ৰান্ত ৰাইজৰ সকলো দুখ দুৰ্গতি  আৰু সমস্যা সমাধানৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দ্দেশ দিছে যদিও চৰকাৰী সাহায্যই বানাক্ৰান্ত ৰাইজৰ পেটৰ ভোক গুচাব পৰা নাই।

বহু ৰাইজৰ ক্ৰমাৎ স্বাস্থ্য অৱনতি ঘটিছে। আজি খাদ্য সামগ্ৰী পৰা অন্য নিত্য ব্যৱহাৰ্য্য সামগ্ৰী লৈ ডিব্ৰুগড় জিলা মৰাণ বিধানসভাৰ সমষ্টি অন্তৰ্গত গৰুধৰীয়া পঞ্চায়ত  ২নং চৰাইহাবি গগৈ চুক, থেকেৰা পুখুৰী গাঁও, ১ নং চৰাইহাবি, বন্যাৰ্তৰ ৰাইজৰ কাষত থিয় হ’ল মৰাণৰ ব্যৱসায় সন্থা আৰু  মৰাণ যুৱ সংগ্ৰামী মঞ্চ।  খোৱাপানী, খাদ্য সামগ্ৰী, কাপোৰ,ঔষধ আদি যোগান ধৰি বানাক্ৰান্ত ৰাইজক অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰে সংগঠন কেইটাই। বন্যাৰ্তৰ অভিযোগ চৰকাৰে প্ৰশাসনৰ যোগেদি যোগান ধৰা সাহায্য পৰ্য্যাপ্ত নহয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।