ৰহাত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 07/24/2019 - 13:07

ৰহাঃ ৰহাত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই দুৰ্নীতিৰ অভিযোগ। অভিযোগ মতে ২০১৩-১৪ বৰ্ষতেই মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছিল দুই বাণ্ডিল টিনপাত আৰু পাঁচ হাজাৰ টকাৰ চেক।

ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ মুঠ ৫৫গৰাকী হিতাধিকাৰী এই আঁচনিৰ বাবে বাচনি কৰা হৈছিল আৰু ২০১৬ বৰ্ষত সামগ্ৰীসমূহ বিতৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বহু হিতাধিকাৰীয়ে পাঁচ হাজাৰ টকাৰ চেক পালে যদিও টিনপাতখিনি আজি পৰ্যন্ত নাপালে।

এই অভিযোগ হিতাধিকাৰীৰ। ক'লৈ গ'ল মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ টিনপাতখিনি। হিতাধিকাৰীয়ে এই দুৰ্নীতিৰ আঙুলি টুৱাইছে ৰহাৰ এজন বিজেপি নেতালৈ। শেহতীয়াকৈ এই দুৰ্নীতিৰ তথ্য লাভ কৰি সৰব হৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক ৰহাত মুখ্যমন্ত্ৰী বিশেষ আঁচনিত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।