মঙলদৈত পুনৰ বাঢ়িছে নোৱা নৈৰ পানীঃ আকৌ প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল

 07/24/2019 - 13:49

মঙলদৈঃ মঙলদৈত পুনৰ বাঢ়িছে নোৱা নৈৰ পানী। আকৌ প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল। মঙলদৈৰ নগৰবাহী কণাইচুৱাৰ ছিঙা মথাউৰীৰ অংশৰে হোৰাহোৰে সোমাইছে পানী। নগৰবাহী পঞ্চায়তৰ অধীনৰ পানী শুকুৱা অঞ্চল সমূহ পুনৰ কৰিছে প্লাৱিত। মঙ্গলদৈ মাজিকুছি পথৰ ওপৰেৰে পুনৰ বৈছে পানী।

নগৰবাহী, কানাইচুবা, টেলিয়া, অধিকাৰী, হাউলি আদি অঞ্চল আগৰ দৰেই বুৰাই পেলাইছে পানীয়ে ৰাইজৰ দুখে কুলাই পাচিয়ে নধৰা অৱস্থা। ১৯ জুলাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি ছিঙা মথাউৰীৰ অংশ শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ দিছিল প্ৰশাসনক। ৰাইজৰ দাবী প্ৰশাসনে শীঘ্ৰে ছিঙা মথাউৰী মেৰামতি ব্যৱস্থা গ্ৰহণ কৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।