ৰঙিয়াত পথ দূৰ্ঘটনা,আহত তিনিজন

 03/27/2019 - 11:42

ৰঙিয়া: ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এক পথ দূৰ্ঘটনা। নৈশ বাছ আৰু ট্ৰেভেলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত মুঠ তিনিজন ব্যক্তি গুৰুতৰভাবে আহত হয়। পিচত আহত ব্যক্তি কেইজনক ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।

ঘটনাৰ বিষয়ে জানিব পৰা মতে, বিহাৰৰ পৰা যোৰহাটলৈ গৈ ইটা ভাটাত কাম কৰা প্ৰায় ৩৫ গৰাকী শ্ৰমিকক কঢ়িয়াই লৈ গৈ থকা AS 01 BC 6868 নম্বৰৰ নৈশ বাছখনে ৰাষ্ট্ৰীয় ঘাইপথৰ ভূল পথৰে গৈ বিপৰীত দিশৰ পৰা আহি থকা NL 01L 7780 নম্বৰৰ ট্ৰেভেলাৰখনক তীব্ৰ গতিত খুন্দা মাৰে। ফলত দুয়োখন গাড়ীৰ সন্মুখভাগ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে।

মূহুৰ্ততে নৈশ বাছখনৰ চালক তথা গৰাকী সৌৰভ গুৰুতৰ ভাবে আহত হোৱাৰ উপৰিও আন দুজন যাত্ৰীও আহত হয়। ইফালে দূৰ্ঘটনাটো হোৱাৰ পিচতে ট্ৰেভেলাৰখনৰ চালক আৰু হেণ্ডিমেনজন পলায়ন কৰে। ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ী দুখন থানালৈ লৈ আনে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।