ঢকুৱাখনা ঘিলামৰাত নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ

 07/24/2019 - 14:22

ঢকুৱাখনাঃ ঢকুৱাখনা ঘিলামৰাত নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ। অৰুণাচলৰ পামফেৰা জিলাৰ দুইমুখ থানাৰ অন্তৰ্গত চিয়াম্পু নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা পুলেন গোহাঁই আৰু চুনু গোহাঁই নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। যোৱা ১৩ জুলাইত ঘিলামৰাৰ ম'হমৰা দীঘলী গাঁৱৰ পৰা এগৰাকী নাবালিকাক একে গাঁৱৰে পুলেন গোঁহাই আৰু তেওঁৰ দ্বিতীয় পত্নী চুনু গোঁহাইয়ে মিলি অপহৰণ কৰি নি অৰুণাচলৰ এখন ভিতৰুৱা গাঁৱত বিক্ৰীৰ ব্যৱস্থা কৰিছিল। বৰ্তমান কৰ্মসূত্ৰে অৰুণাচলত বাস কৰা পুলেন গোঁহাইয়ে নিজ কন্যাৰ সহযোগত প্ৰতিৱেশী নাবালিকা গৰাকীক ফুচুলাই নি বিক্ৰীৰ বাবে যো জা চলায়।

পিছত নাবালিকাজনীৰ পিতৃৰ অভিযোগৰ ভিত্তিত সোমবাৰে নিশা ঘিলামৰা আৰক্ষী আৰু ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া মোহনলাল মিনাৰ নেতৃত্বত অভিযান চলাই অৰুণাচলৰ পামফেৰা জিলাৰ দুইমুখ থানাৰ অন্তৰ্গত চিয়াম্পু নামৰ এখন গাঁৱৰ পৰা অভিযুক্ত পুলেন গোঁহাই আৰু তেওঁৰ পত্নী, কন্যাৰ লগতে নিৰুদ্দিষ্ট নাবালিকা গৰাকীক উদ্ধাৰ কৰে। বৰ্তমান ঘিলামৰা আৰক্ষী থানাৰ গোচৰ নং ৩৮/১৯ ভাৰতীয় দণ্ডবিধি আইন ৩৬৬/৮ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, অভিযুক্ত পুলেন গোঁহাইৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাত ইতিপূৰ্বেও চুৰি, ডকাইতি আৰু হত্যাৰ ভাবুকি আদি কেইবাটাও গোচৰ ৰুজু হৈ আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।