উত্তৰ গুৱাহাটীত কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘৰ বাৰ্ষিক সভা সম্পন্ন

 07/24/2019 - 14:23

উত্তৰ গুৱাহাটীঃ ভাৰতীয় মজদুৰ সংঘৰ ভাৰতবৰ্ষৰ ভিতৰতেই এটি বৃহৎ শ্ৰমিক সংগঠন। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতি আদৰ্শৰে পৰিচালিত সংগঠনটোৰ লক্ষ্য দেশৰ শ্ৰমিক সমাজক একত্ৰিত কৰি শোষণমুক্ত কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰা। এই মহান উদ্দেশ্য আগত ৰাখি ১৯৫৫ চনৰ ২৩ জুলাইত ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা বাল গংগাধৰ তিলকৰ জন্ম দিনটোতে ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা কৰা হয়। ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাতা আছিল দত্তপন্ত ঠেংগ্ৰে। ২৩ জুলাইত কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘই উত্তৰ গুৱাহাটী প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাৰত ঘোঁৰামাৰ প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী। গছ ৰোপণ কৰে কণ্ট্ৰেকচুৱেল টেকনিকেল লেৱাৰ ইউনিয়নে। সন্ধিয়া উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত বাৰ্ষিক সভা অনুষ্ঠিত হয়। কামৰূপ জিলা মজদুৰ সংঘ সভাপতি উজ্জ্বল ভট্টাচাৰ্যই সঞ্চালনা কৰা সভাত কামৰূপ জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ভাৰতীয় মজদুৰ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক জিতু হাজৰিকাই। প্ৰতিষ্ঠাপক দত্তপন্ত ঠেংগ্ৰেৰ সংগ্ৰামী জীৱনৰ ওপৰত আলোকপাত কৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে। সভাত বক্তাসকলে শোষণৰ বিৰুদ্ধে যুঁজ দি এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰাৰ বাবে সংকল্পবদ্ধ হোৱাৰ কথা সজোৰে দাঙি ধৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।