'এইখন মৰিগাঁও হয় ভাই’ আৰু ছাত্ৰ সমাজৰ উদ্যোগত বান সাহায্য বিতৰণ

 07/24/2019 - 14:33

মৰিগাঁওঃ ৰাজ্যৰ চৌদিশে কেৱল বানপানী আৰু বানপানী। বহু অঞ্চল বানে প্লাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰে। এমুঠি আহাৰ বিশুদ্ধ খোৱা বানী বাবে বন্যাৰ্তৰ হাহাকাৰ। চৌদিশে বানাক্ৰান্তৰ আৰ্তনাদ।এ মুঠি আহাৰ বাবে বন্যাৰ্তই চৰকাৰ কিম্বা দল সংগঠনৰ অপেক্ষা কৰি আছে। সমান্তৰাল ভাৱে মৰিগাঁও বৰালীমাৰি জাপৰি আৰু গেৰুৱাতো বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিলে।

ঠিক সেই সময়তেই বানাক্ৰান্ত কাষত ঠিয় দিৱলৈ আগবাঢ়ি আহিল ফেচবুকত সমাদৰ লাভ কৰা মৰিগাঁও জিলাৰ জনপ্ৰিয় ফেছবুক পেজ 'এইখন মৰিগাঁও হয় ভাই’ৰ অফিচিয়েল পেজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত আজি মৰিগাঁও জিলা বিভিন্ন অঞ্চল যেনে জাপৰি বৰালীমাৰী আৰু গেৰুৱা বানাক্ৰান্তুক বিতৰণ কৰে চিৰা, বিস্কুট পানীবটল, কাপোৰ মম দিয়াচলাই আদি বিভিন্ন বস্তু বিতৰণ কৰে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে 'এইখন মৰিগাওঁ হয় ভাই’ অফিচিয়েল পেজৰ এডমিন ছাজিদ আহমেদ, সমূহ সদস্য আৰু মৰিগাঁও জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ। ফেচবুক পেজটোৱে বানাক্ৰান্ত ৰাইজৰ দুখৰ সমভাগী হৈ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।