কলাইগাঁৱত বৰ্তমানেও অনিয়ন্ত্ৰিত বান পৰিস্থিতি

 07/24/2019 - 14:50

ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাঁৱত বৰ্তমানেও অনিয়ন্ত্ৰিত অৱস্থাত আছে বান পৰিস্থিতি। জিলাখনৰ কলাই গাঁৱৰ ২ নং শিংৰীমাৰী গাঁওখন এতিয়া সম্পূৰ্ণ জলমগ্ন। গাঁওখনৰ মাজেৰে বৈ যোৱা নোৱা নদীৰ মথাউৰি ছিগি যোৱাৰ ফলত প্ৰায় ১২০ ঘৰ পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ প্ৰবাল সোতে উতুৱাই নিয়ে। মঙ্গলবাৰৰ পৰা পুনৰ নেৰা নেপেৰা বৰষূণৰ ফলত নৈখনৰ পানী ওফন্দি উঠিছে। এতিয়া

সৰ্বস্বান্ত হৈ পৰিছে বানাক্ৰান্ত পৰিয়াল সমূহ ।বিটিচি পৰিষদৰ কাৰ্য্যবাহী সদস্য জগদীশ সৰকাৰে আহি অঞ্চলটোৰ বানাক্ৰান্তত ৰাইজৰ মাজত সোমাই পৰিস্থিতিৰ বুজ লয়। তেওঁ আহি বানাক্ৰান্ত ৰাইজক সহযোগ আৰু ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইতিমধ্যে বহু কৃষিভূমি নৈৰ বুকুত জাহ গৈছে আৰু বহু অস্থাৱৰ সম্পত্তি হেৰুৱাব লগীয়া হৈছে গাঁও কেইখনৰ দুৰ্ভগীয়া ৰাইজে। একমাত্ৰ মঙলদৈ ভূটীয়াচাং পথটোকেই আশ্ৰয় স্থল হিচাপে ল'ব লগা হৈছে বানাক্ৰান্ত ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।