দলগাঁৱত অনাময় শৌচাগাৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগঃ ভুৱা হিতাধিকাৰীৰ নামত শৌচাগাৰ আৱণ্টন

 07/24/2019 - 14:56

দলগাঁওঃ স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে সমগ্ৰ দেশতে অনাময় শৌচাগাৰ নিৰ্মাণৰ আঁচনি চলাই থকাৰ সময়তে দৰং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। ঘৰে ঘৰে অনাময় শৌচাগাৰ নিৰ্মাণৰ বাবে কেন্দ্ৰ চৰকাৰে পুঁজি আবণ্টন দিলেও একাংশ ধুৰন্ধৰ লোকে ইয়াক ধন ঘটাৰ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ দেখা গৈছে। দলগাঁও সমষ্টিৰ দৈপাম আৰু মাজগাঁৱত মুঠ সাতটা এনজিঅ'ই গাঁওকেইখনত বাৰশ অনাময় শৌচাগাৰ নিৰ্মাণৰ ঠিকা লাভ কৰে যদিও বনফুল, মিতালী আৰু ড্ৰিম নামৰ এনজিঅ’কেইটাই শৌচাগাৰ নিৰ্মাণত ব্যাপক অনিয়মেৰে আঁচনিৰ ধন আত্মসাতৰ অভিযোগ তুলিছে এটি স্থানীয় ক্লাৱে।

অভিযোগ মতে এনজিঅ'কেইটাই শৌচাগাৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে অতি নিম্নমানৰ সামগ্ৰী। বছৰ বছৰ ধৰি অধিকাংশ শৌচাগাৰেই আছে অৰ্ধ নিৰ্মিত অৱস্থাত। আন এক অভিযোগ মতে গাঁওখনৰ বহু অচিনাকি আৰু অজ্ঞাত লোকৰ নামত শৌচাগাৰ নিৰ্মাণৰ লগতে ভুৱা হিতাধিকাৰীৰ দেখুৱাই আঁচনিৰ ধন আত্মসাতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

আশ্চৰ্য্যজনকভাৱে এশ শতাংশ মুছলমান বসতিপ্ৰধান গাঁৱত বহু হিন্দু লোকৰ নামত শৌচাগাৰ নিৰ্মাণ কৰা বুলি অভিযোগকাৰী ক্লাৱৰ এজন সদস্যই আৰটিআই যোগে তথ্য লাভ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে। মনকৰিবলগীয়া কথাটো যে প্ৰায় তিনিমাহ পূৰ্বে দৈপামত ভুৱা হিতাধিকাৰীৰে অনাময় আঁচনিৰ ধন আত্মসাতৰ বিষয়টো জিলা উপায়ুক্তক সাংবাদিকে জনাইছিল যদিও উপায়ুক্তই তদন্তৰ আশ্বাস দিয়ে দায়িত্ব সামৰা কাৰ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

আনহাতে ক্লাৱটোৱে দুৰ্নীতি নিবাৰক শাখা আৰু মূখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ জড়িয়তে তদন্তৰ দাবীৰে এক গোচৰ ৰুজু কৰিছে যদিও দৈপাম আৰক্ষীয়ে আজিলৈ কোনো তদন্ত নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। এই সংক্ৰান্তত দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা তদন্তৰ সবিশেষ জানিব বিচৰাত 'মই যাদুকৰ নহয়' বুলি উত্তৰ দিয়ে।

দুৰ্নীতি নিবাৰক শাখাই দৰং জিলা আৰক্ষী অধীক্ষকক তদন্ত মৰ্মে গোচৰ ৰুজু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও এতিয়ালৈ তদন্তৰ কোনো উমঘামেই দেখা নাই। কোটি কোটি টকাৰ ঠিকা লাভ কৰা এনজিঅ'ই বিভাগীয় বিষয়া-কৰ্মচাৰীৰে মিলি আত্মসাৎ কৰাৰ পিছতো কিয় জিলা প্ৰশাসন মৌন বুলি সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী পৰ্যায়ত অনাময় শৌচাগাৰৰ কেলেংকাৰী সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।